প্ৰশ্ন: অসম শব্দৰ অৰ্থ কি (What does the word Assam mean) ?
উত্তৰ: অসম (ইংৰাজী: Assam) ভাৰতৰ উত্তৰ-পূবত অৱস্থিত সাংস্কৃতিক আৰু ভৌগোলিকভাৱে এখন পৃথক ৰাজ্য। সাঁচি পাতৰ বৰঅম্ৰ পুথিৰ মতে আছাম বা হা-চাম শব্দটো বিভিন্ন সময়ত ব্ৰহ্মদেশৰ কাঁচিনমুলীয় বিভিন্ন জনগোষ্ঠীয়ে চাওলুঙ চুকাফাৰ লগত অহা টাই জাতিৰ ঠালটোক বুজাবলৈ ব্যৱহাৰ কৰিছিল।
অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনোৱে মত পোষণ কৰে যে এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ’ল ।