তিনিচুকীয়া জিলা | Tinsukia District
তিনিচুকীয়া জিলাঃ তিনিচুকীয়া হৈছে অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন জিলা। ই তিনিটা মহকুমাৰ সৈতে গঠিত হৈছে।
তিনিচুকীয়া জিলা ভাৰতৰ অসম ৰাজ্যৰ পূব প্ৰান্তত অৱস্থিত। অসমৰ অন্যতম প্ৰধান জিলা আৰু ইয়াৰ দৃশ্যপট সৌন্দৰ্য্য, চহকী সাংস্কৃতিক ঐতিহ্য, অৰ্থনৈতিক তাৎপৰ্যৰ বাবে পৰিচিত। ইয়াত তিনিচুকীয়া জিলাৰ এক আভাস দিয়া হ’ল:
ভূগোল আৰু স্থানঃ তিনিচুকীয়া জিলা অসমৰ উত্তৰ-পূব অংশত অৱস্থিত আৰু ইয়াৰ সীমান্ত উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ডিব্ৰুগড় জিলা, পশ্চিমে ধেমাজি জিলা, আৰু পূবে নাগালেণ্ড ৰাজ্যৰ সৈতে ভাগ কৰে। জিলাখন প্ৰায় ২৭.৩০° উত্তৰ আৰু ২৭.৫৯° উত্তৰ অক্ষাংশ আৰু ৯৫.১৬° পূব আৰু ৯৬.৩৬° পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত।
তিনিচুকীয়া জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ তিনিচুকীয়া জিলাখনত বহুতো তিনিকুণীয়া পুখুৰী থকাৰ বাবে পিছলৈ এই জিলাখনৰ নাম তিনিচুকীয়া ৰখা হোৱা বুলি কোৱা হয়।
তিনিচুকীয়া জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে ধেমাজী জিলা আৰু অৰুণাচল প্ৰদেশ অন্তৰ্গত, পূবে অৰুণাচল প্ৰদেশ অৱস্থিত, দক্ষিণে অৰুণাচল প্ৰদেশ আৰু পশ্চিমে ডিব্ৰুগড় জিলা অৱস্থিত।
তিনিচুকীয়া জিলাৰ জনসংখ্যাঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৩,২৭,৭৪৮।
তিনিচুকীয়া জিলাৰ সদৰ স্থানঃ এই জিলাৰ সদৰ স্থান হৈছে তিনিচুকীয়া।
তিনিচুকীয়া জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা কেইটাৰ নাম হ’ল- শদিয়া, তিনিচুকীয়া, মাৰ্ঘেৰিটা।
তিনিচুকীয়া জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৩,৩৮৭.৮২ বৰ্গ কিল’মিটাৰ।
তিনিচুকীয়া জিলাৰ প্ৰধান নদীঃ এইজিলাৰ প্ৰধান নদী দুখন হৈছে লোহিত আৰু ব্ৰহ্মপুত্ৰ।
তিনিচুকীয়া জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত ৰে’লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।
তিনিচুকীয়া জিলাৰ ৰে’ল ষ্টেছনসমূহঃ টিংৰাই, মাৰ্ঘেৰিটা, হাঁহচৰা, টালাপ, পাতীতোলা, ডিগবৈ, বৰহাপজান, টিপং, মাকুম ইত্য়াদিয়ে তিনিচুকীয়া জিলাৰ ৰে’ল ষ্টেছন।
তিনিচুকীয়া জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, সৰিয়হ, চাপ ইত্য়াদি খেতিৰ উৎপাদন কৰা হয়।
তিনিচুকীয়া জিলাৰ প্ৰধান উপনৈঃ টিংৰাই, দিবাং, বুঢ়ীদিহিং, কুণ্ডিল, ডিব্ৰু, ডাঙৰী আদি এই জিলাৰ প্ৰধান উপনৈ।
তিনিচুকীয়া জিলাৰ কয়লাখনি থকা ঠাইঃ লিডু, বৰগোলাই, ৰাংৰিং. লেখাপানী এই চাৰিখন ঠাইত কয়লাখনি পোৱা যায়।
তিনিচুকীয়া জিলাৰ প্ৰধান ঠাইঃ
(ক) তিনিচুকীয়াঃ জিলাখনৰ সদৰ স্থান। অসমৰ ব্য়ৱসায়-বাণিজ্য়ৰ এটা প্ৰধান কেন্দ্ৰ। ৰে’লৰ মাণ্ডলিক কাৰ্যালয় আৰু ৰে’লৰ জংচন আছে।
(খ) ডিগবৈঃ এই ঠাইখন তেলনগৰী হিচাপে জনাজাত। এছিয়াৰ ভিতৰত প্ৰথম খাৰুৱা তেলৰ উদ্যোগটো ইয়াতে অন্তৰ্গত।
(গ) শদিয়াঃ মহকুমাৰ সদৰ স্থান। এই ঠাইখন বুৰঞ্জী প্ৰখ্য়াত ঠাই।
তিনিচুকীয়া জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় ঠাইঃ ছপাখোৱা, ডুমডুমা, মাৰ্ঘেৰিটা, মাকুম ইত্য়াদি।
তিনিচুকিয়া জিলাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ানঃ এই ৰাষ্ট্ৰীয় উদ্য়ানখন তিনিখন নদী লোহিত, দিবাং আৰু ডাঙৰী নদীৰ বুকুত গঢঞ লৈ উঠা এখন ৰাষ্ট্ৰীয় উদ্য়ান। এই উদ্য়ানখনে প্ৰায় ৩৪০ বৰ্গকিল’মিটাৰ মাটি আৱৰি আছে। এই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ানখনক ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্য়ান হিচাপে স্বীকৃতি প্ৰদান কৰি দিছিল। এই উদ্য়ানখন প্ৰখ্যাত হোৱাৰ কাৰণ হ’ল ইয়াত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ আছে।
তিনিচুকীয়া জিলাৰ দিহিং পাটকাই অভয়াৰণ্যঃ এই দিহিং পাটকাই অভয়াৰণ্যখন অসমৰ ভিতৰত সবাতোকৈ ডাঙৰ অভয়াৰণ্য। এই অভয়াৰণঅযখনত চিৰসেউজীয়া গছেেৰে ভৰপুৰ। এই ভভয়াৰণঅযখনে মুঠ ৩০০ বৰ্গকিল’মিটাৰ মাটি আৱৰি ৰাখিছে।
তিনিচুকিয়া জিলাৰ ডিগবৈঃ এশবছৰৰো পূৰণি তেল শোধানাৰ হৈছে ডিগবৈ। এই তেলশোধনাগাৰটো বহুত জনাজাত। ডিগবৈত ওচৰত েদ্বিতীয় বিশ্বযুদ্ধৰ সমাধিস্থল পোৱা যায়।
তিনিচুকিয়া জিলাৰ ষ্টিলৱেল পথঃ এই ষ্টিলৱেল পথটো ইতিহাস প্ৰসিদ্ধআছিল। ইয়াৰ অতীতৰ নাম ডিলু ৰোড নামেৰে জনা যায়। আমেৰিকা আৰু তেওঁলোকৰ বন্ধুবৰ্গই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চীনাসকলক সাহায্য প্ৰদান কৰিবলা আহোতে এই পথটি নিৰ্মাণ কৰিছিল।
তিনিচুকিয়া জিলাৰ টিলিঙা মন্দিৰঃ তিনিচুকিয়া জিলাৰ বপডুবি গাৱঁত এই টিলিঙাীা মন্দিৰটো অন্তৰ্গত। এই টিলিঙা মন্দিৰটো বিখ্যাত হোৱাৰ কাৰণ হ’ল এই দৰ্শন দিবলৈ আহি ভক্তসকলে বহুত টিলিঙা দান কৰি যায়। যদি তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয় তেন্তে তেওঁলোকে পুনৰ দৰ্শন দিবলৈ আহি টিলিঙা প্ৰদান কৰি যায়।
তিনিচুকিয়া জিলাৰ ন-পুখুৰীঃ তিনিচুকিয়া জিলাৰ দক্ষিণ-পূব প্ৰান্তত একেবাৰে ওচৰা-ওচৰিকৈ থকা ৯টা পুখুৰীকে ন-পুখুৰী বুলি কোৱা হয়। ৰজা সৰ্বানন্দ সিংহৰ ৰাজত্বকালত এই পুখুৰী কেইটা খন্দোৱাৰ কাৰ্য নিৰ্মাণ কৰিছিল।
তিনিচুকিয়া জিলাৰ মাৰ্ঘেৰিটাঃ ইয়াত থকা চাহ-বাগিচা, কয়লা খনি, প্লাইউদ উদ্য়োগ আৰু বিভিন্ন প্ৰাকৃতিক উদ্ভিদৰ বাবে মাৰ্ঘেৰিটা প্ৰখ্যাত বুলি জনা যায়।
তিনচুকীয়া জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ